Popular Posts

Assamese poem

Assamese poem

Wednesday, May 12, 2021

 তোমাৰ সমান হব কোন মোৰ

তোমাৰ সমান মৰম দিবো কোন 

কাষত থাকিলে বহুত ভাল লাগে 

তোমাক চাই চাই মোৰ বহুত ভাল লাগে 

জিউক মৰম কৰি থাকতেই গধুলী হলে 

যিমান ভাল পাও সিমান মনত পৰে

মোৰ নহলে আনৰ হবা মই দুখ নকৰো

তুমি সুখী হলে মই সুখী হাঁ‌হি হাহি যাবা মানা নকৰো

জীৱনতো সুখ আৰু দুখৰে তাত দুখবোৰ মই হে পালো

কোনো আশা নাই কোনো অভিযোগ নাই তোমাৰ বাবে অকলে আহিছিলো অকলে থাকিম তোমাৰ বাবে 

মই আগতে যাম সবকে এৰি থাকিবা তুমি সদায় হাহি

মই মৰিলেও তোমাৰ কাষতে থাকিম চাবা তুমি

কেতিয়াবা বতাহ হৈ কেতিয়াবা বৰষুণ হৈ তোমাক মাতিম

মোৰ সুখৰ স্তেচন তুমি এ আছিলা জানানে মনি

এতিয়া আৰু সুখৰ গাড়ীখন মোৰ বাবে নৰখে 

সেই সুখী গাড়ীখন এতিয়া বেলেগে পালে 

বহুত চিয়ৰো নিজানত গৈ ভগবানৰ লগত 

কেতিয়াবা ভাবো মই নিজে পাপী নেকি ? 

কিয়  মই যাক ভাল পাও শেষত ত্যাগ মোৰ হে পৰে 

মই সঁ‌চা নে মোৰ মৰম সঁ‌চা  তাকে প্ৰ্শ্ন বহুত আহে



No comments:

Post a Comment